Jump to content

User:মন্দিয়া মহাপুৰুষীয়া সত্ৰ

From Wikipedia, the free encyclopedia

মন্দিয়া মহাপুৰুষীয়া সত্ৰৰ চমু ইতিহাস:- তাহানি মানৰ আক্রমনৰ দিনৰ পৰাই এই মন্দিয়া মহাপুৰুষীয়া সত্ৰখন বিভিন্ন ঘাট- প্ৰতিঘাতৰ মাজেৰে আজিলৈ চলি আছে। মানে যেতিয়া আক্রমণ কৰি এইফালে আহি থাকোতে, তেতিয়া সেই সময়ত এই অঞ্চলৰ ৰাইজে মানৰ পৰা ৰক্ষা পাবলৈ ধন, সোণ, ৰূপ আদি দি মানলৈ শৰাই আগবঢ়াইছিল অৰ্থাৎ মানক মান ধৰা হৈছিল আৰু তেতিয়া সেই মান সকলে মানখিনি লৈ উত্তৰ ফালেদি গুচি গৈছিল। মানৰ হাতৰ পৰা ৰক্ষা পৰাত মানক মান দিয়াত ঠাইখনৰ নাম মান দিয়া ৰখা হয়। এই মান দিয়াই আজি মন্দিয়া নাম হিচাপে জনা যায়।

আনুমানিক ১৮১৬ চন মানত তেতিয়া বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাই বৰপেটা সত্ৰৰ পৰা কনৰা সত্ৰলৈ সময়ে সময়ে ভেলেঙী নদীৰে নাৱত অহা- যোৱা কৰিছিল। এদিন এনেকৈ আহি থাকোতে ভেলেঙীৰ ঘাটত ৰৈ মন্দিয়াৰ ৰাইজৰ লগত মিলি এগছি বন্তি জ্বলাই নাম- প্ৰসঙ্গ কৰি এই সত্ৰখন স্থাপন কৰে। প্ৰথমৰ পৰা আজিলৈ ভেলেঙী নদীৰ গঢ়া খহনীয়াৰ বাবে তিনিবাৰ সত্ৰখন স্থানান্তৰ কৰিব লগীয়া হয়। প্ৰথমৰ পৰা আজিলৈ ক্ৰমে আন্ধৰু মহন্ত, বিক্ৰম মহন্ত, বাতিৰাম মহন্ত, হৰকান্ত মহন্ত আৰু শ্ৰী গজেন মহন্ত সত্ৰাধিকাৰ হিচাপে কাম কৰিছে। সেই সময়ৰ বানপানী, ভুমিকম্প আদি প্ৰাকৃতিক দুৰ্যোগ বিভিন্ন মহামাৰী আদিৰ ফলত বেছি সংখ্যক মানুহ ইয়াৰ পৰা অন্য ঠাইলৈ গুচি যায়। বৰ্তমান প্ৰায় ৪০ ঘৰ মান মানুহে এই সত্ৰখন চলাই আছে। বৰ্তমান সত্ৰখনৰ স্থাবৰ- সম্পত্তি বুলি কবলৈ হলে মুঠ ১৬ বিঘা ২ কঠা ১৭ লেচা মাটি আছে। ইয়াৰে ২ টা পুখুৰী, ৭ বিঘা মাটিত সত্ৰৰ চৌহদ আৰু বাকীখিনি খেতিৰ মাতি। ১৯৮৩ চনৰ বিদেশী খেদা আন্দোলনৰ সময়ত ৫ টা পৰিয়াল গাওঁৰ পৰা দূৰত পথাৰত বসতি কৰি আছিল। সেই সময়ত নিৰাপত্তাৰ বাবে ৰাইজে তেওঁলোকক গাওঁৰ মাজত সত্ৰৰ মাটিত বসতি কৰি থাকিব দিয়ে আৰু তেতিয়াৰ পৰা আজিলৈ তেওঁলোকে সত্ৰৰ মাটিত আছে।

সত্ৰখনত বছৰত তিনিটা বিহু, জেঠ মাহত শ্ৰী শ্রী জগন্নাথ মহাপ্রভুৰ নাম- প্ৰসঙ্গ, মহাপুৰুষ দুজনাৰ তিথি, মথুৰা দাস বুঢ়া আতাৰ তিথি, মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মোৎসৱ, বছৰত এবাৰ পালনাম আদি উৎসৱ- পাৰ্ব্বন পালন কৰা হয়।