Jump to content

User:ক্লিন্টন বৰুৱা

From Wikipedia, the free encyclopedia

নমস্কাৰ, অভিবাদন গ্ৰহণ কৰিব । আপুনি কুশলে আছে চাগে? মোৰো ভাল । এই অভাজনৰ নাম ক্লিন্টন বৰুৱা । উজনি অসমৰ ডেকা, জিজ্ঞাসু মন আৰু জ্ঞানৰ প্ৰতি বিশেষ আগ্ৰহ । বিদ্যালয়ৰ শিক্ষা শংকৰদেৱ শিশু বিদ্যা নিকেতন, বৰদলনিত সাং কৰি নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত (স্বায়ত্বশাসিত) উচ্চতৰ মাধ্যমিক আৰু স্নাতক শিক্ষা সম্পূৰ্ণ কৰো । তাৰপিছতে কাশী হিন্দু বিশ্ববিদ্যালয়, বাৰাণসীত স্নাতকোত্তৰ বাবে ভূগোল বিভাগলৈ আহো । পঢ়া-শুনা,লিখা-মেলা আৰু সাহিত্য চৰ্চাত বিশেষ ৰুচি আছে । সেয়ে এই পাতনি । আগলৈ লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই ।

                     ইতি 
               আপোনাৰ ক্লিন্টন বৰুৱা